dcsimg
Life » » Plants » » Angiosperms » » Myrtles »

Daly River Satinash

Syzygium nervosum DC.

কোটাহি জামু ( Assamese )

provided by wikipedia emerging languages

কোটাহি জামু (বৈজ্ঞানিক নাম: Cleistocalyx operculatus; অসমীয়া অন্য নাম: ঝাৰুৱা, গোদাজাম; কাৰবি: চুমুক্ আৰং) এবিধ মজলীয়া আকাৰৰ চিৰহৰিৎ গছ৷ [1] এই গছ প্ৰায় দহ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ ইয়াৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা আৰু পাত ডাঠ সেউজীয়া৷

বিস্তৃতি

কোটাহি জামু দক্ষিণ এছিয়াৰ থলুৱা উদ্ভিদ৷ চীনৰ পৰা অষ্ট্ৰেলিয়ালৈকে এই উদ্ভিদ প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা দেখা যায়৷ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ প্ৰায়বোৰ অঞ্চলতে এই গছ দেখা পোৱা যায়৷[1]

বিৱৰণ

কোটাহি জামুৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা৷ উপৰিভাগৰ পৰা অনিয়মিতভাৱে ফাট মেলা চেকুৰাৰ উৎপত্তি হয়৷

এই গছৰ পাত উপ-বৃত্তাকাৰ, অদোমুখ ডিম্বাকাৰ, সুক্ষ্মকৌণিকভাৱে জোঙা অথবা শীৰ্ষস্থান গোলাকাৰ৷ ইয়াৰ পাতৰ পাৰ্শ্বসিৰৰ সংখ্যা পাতৰ প্ৰতি অৰ্দ্ধাংশত ৮-১০৷ সীমান্তৰ আগত গোল হৈ যোগ হৈ থাকে৷ পত্ৰবৃন্তৰ দৈৰ্ঘ্য ৩-৪ ছে:মি:

কোটাহি জামুৰ ফুলৰ বৰণ সেউজ-বুলীয়া বগা আৰু বৃন্তহীন৷ ইয়াৰ চুপহিৰ বৃত্ত ঘন্টাকাৰ৷ পাহি বগা৷

এই গছৰ ফল মঙহাল হয়৷ ফলবোৰ আকাৰত সৰু আৰু গোল৷[1]

ব্যৱহাৰ

কোটাহি জামুৰ পাত আৰু কলি শুকুৱাই ভিয়েটনামত এবিধ হাৰ্বেল চাহ তৈয়াৰ কৰা হয়৷ এই চাহৰ ঔষধি গুণ থকা বুলি জনা যায়৷[2]

চিত্ৰভঁৰাল

তথ্যউৎস

  1. 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. Nguyen, Duong Van. Medicinal Plants of Vietnam, Cambodia, and Laos. Santa Monica, CA: Mekong Printing, 1993.

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

কোটাহি জামু: Brief Summary ( Assamese )

provided by wikipedia emerging languages

কোটাহি জামু (বৈজ্ঞানিক নাম: Cleistocalyx operculatus; অসমীয়া অন্য নাম: ঝাৰুৱা, গোদাজাম; কাৰবি: চুমুক্ আৰং) এবিধ মজলীয়া আকাৰৰ চিৰহৰিৎ গছ৷ এই গছ প্ৰায় দহ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ ইয়াৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা আৰু পাত ডাঠ সেউজীয়া৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors