কামচৰাই (ইংৰাজী: Purple Swamphen, বৈজ্ঞানিক নাম-Porphyrio porphyrio) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভু্ক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জল বৰণ তথা ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়৷
কাম চৰাইৰ ১৩ বিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৱা হৈছে৷ ইয়াৰে প্ৰধানবোৰ হৈছে-
কাম চৰাইৰ মাত ডাঙৰ আৰু খুউব খৰ৷ বিশেষকৈ প্ৰজনন কালত ই যথেষ্ট হুলস্থুলীয়া হৈ পৰে৷ ই দীৰ্ঘ দুৰত্ব উৰি যাব পাৰে আৰু সাতোঁৰাটো পাকৈত৷
কাম চৰায়ে সাধাৰণতে বৰষুণ বা গ্ৰীষ্মকালৰ লগত সংগতি ৰাখি বিভিন্ন অঞ্চলত বিভিন্ন সময়ত প্ৰজনন কৰে৷ [2] মতা কামচৰায়ে জলজ উদ্ভিদৰ ঠাৰি ঠোঁটত লৈ মাইকীজনীক দেখুৱায় আৰু আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে৷ [3] ইয়াৰ বিতৰণৰ পশ্চিম অঞ্চল সমূহত কাম চৰাইসমূ্ক একগামী (monogamy) হোৱা দেখা যায়৷ আনহাতে পূবৰ অঞ্চলসমূহত সহযোগী প্ৰজনন (cooperative breeding) কৰাও দেখা যায়৷ এনে গোটসমূহত একেটা বাহতে এটা মতা কাম চৰাইৰ সৈতে কেইবাজনীও মাইকী চৰাই বা এহাল কামচৰাইৰ লগত সহায়কাৰী কামচৰাই থকা দেখা যায়৷ [2]
কামচৰাইৰ বাহ সাধাৰণতে পানীৰ পৰা কিছু ওপৰত উদ্ভিদ বা ঘাঁহেৰে পূৰ্ণ হয়৷ এজনী চৰায়ে এবাৰত ৩-৬ টাকৈ কণী পাৰে৷ কণীবোৰৰ ৰং শেঁতা হালধীয়া, বা ৰঙা-বগা আৰু তাত মটিয়া ফুট থকা দেখা যায়৷ মতা আৰু মাইকী দুয়োটা চৰায়ে ২৩-২৭ দিনলৈকে কণী উমনি দিয়ে৷ জন্মৰ সময়ত পোৱালিৰ গাত পাখি থাকে৷ ১০-১৪ দিনলৈকে মাক-দেউতাকে পোৱালিক কাদ্য খুৱায়৷ [2]
কাম চৰায়ে সাধাৰণতে ঘনকৈ বৰষুণ হোৱা সেমেকা অঞ্চল পছন্দ কৰে৷ ই সাধাৰণতে কণী, হাঁহৰ পোৱালি, সৰু মাছ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী খাই বুলি জনা যায়৷
আই. ইউ. চি. এনে কামচৰাইক বৰ্তমান সংকটমুক্ত (Least Concern) বুলি স্বীকৃতি দিছে৷ কৃত্ৰিম পুখুৰী তথা হ্ৰদ আদিৰ সৃষ্টি কৰাৰ ফলত এই চৰাইবিধৰ জনসংখ্যা বৃদ্ধি পাইছে যদিও ঠায়ে ঠায়ে বাসস্থান ধ্বংস, চোৰাং চিকাৰ আৰু কীটনাশক দ্ৰব্যৰ অতিমাত্ৰা ব্যৱহাৰৰ বাবে কাম চৰাইৰ জনসংখ্যা কমি অহাৰো তথ্য পোৱা গৈছে৷ [4]
কামচৰাই (ইংৰাজী: Purple Swamphen, বৈজ্ঞানিক নাম-Porphyrio porphyrio) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভু্ক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জল বৰণ তথা ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়৷