dcsimg

কুচিয়া মাছ ( Assamese )

provided by wikipedia emerging languages

কুচিয়া মাছ ( Asian Swamp Eel) একপ্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ । Sybranchidae পৰিয়ালৰ অন্তৰ্গত এই মাছটোৰ বৈজ্ঞানিক নাম Monopterus albus

শাৰীৰিক গঠন

কুচিয়া মাছৰ দেহ দীঘল আৰু নলাকাৰ । ইয়াৰ নেজ চিধাই ঠেক আৰু প্ৰান্তৰ ফালে ক্ৰমশঃ সৰু । মাছটোৰ ছাল পিচল। ইহঁতৰ বক্ষ, শ্ৰোণী, পায়ু অনুপস্থিত । ইহঁতৰ দেহ গাঢ় বাদামী ৰঙৰ ; উদৰ ঈষৎ ৰঙা আৰু পাৰ্শ্বৰেখাৰ ওপৰ অংশত আৰু নেজত অসংখ্য ক্ষু্দ্ৰ গোলাকাৰ ফোঁট থাকে। দীঘলে ই ৬০ ৰ পৰা ৭০ চেন্টিমিটাৰ পৰ্যন্ত হবে পাৰে । এই মাছটোৰ শাৰীৰিক সক্ষমতা বোৰ বেছি ।

আৱাস

এই মাছ ভাৰতীয় উপমহদেশৰ ভাৰত আৰু বাংলাদেশৰ পাহাৰী অঞ্চলৰ অগভীৰ খাল, বিল, পুখুৰী আৰু মাটিৰ গাতত বাস কৰ। শুকান বতৰত পুখুৰী বা খালৰ যেতিয়া পানী শুকাই যায় তেতিয়া ই বোকাৰ তলত বহু দিন পৰ্যন্ত বাচি থাকিব পাৰে।

খাদ্যাভাস

কুচিয়া মাছৰ প্ৰধান খাদ্য বিভিন্ন প্ৰজাতিৰ সৰু মাছ , জলজ পোক আৰু প্ৰাণী । ইহঁত বৰ খকুৱা স্বভাৱৰ মাছ হোৱা বাবে ই নানা ধৰনৰ মল মুত্ৰ খাই জীৱন নিৰ্বাহ কৰে

তথ্য সংগ্ৰহ

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

কুচিয়া মাছ: Brief Summary ( Assamese )

provided by wikipedia emerging languages

কুচিয়া মাছ ( Asian Swamp Eel) একপ্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ । Sybranchidae পৰিয়ালৰ অন্তৰ্গত এই মাছটোৰ বৈজ্ঞানিক নাম Monopterus albus ।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors