dcsimg

টুপীমূৰীয়া বান্দৰ ( асамски )

добавил wikipedia emerging languages

টুপীমূৰীয়া বান্দৰ(ইংৰাজী: Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি[3]৷ এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰ তো পোৱা যায়৷ টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্হল চিৰসেউজীয়া বনাঞ্চলl

শ্ৰেণীবিভাজন

টুপীমূৰীয়া বান্দৰৰ চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে

  • Trachypithecus pileatus pileatus
  • Trachypithecus pileatus durga
  • Trachypithecus pileatus brahma
  • Trachypithecus pileatus tenebricus

বিৱৰণ

টুপীমূৰীয়া বান্দৰ দিনত চৰে আৰু গছৰ পাত খাই জীয়াই থাকে[4]৷ ই সাধাৰণতে এটা বা তাতোধিক মতা প্ৰাণী আৰু বহুতো মাইকী প্ৰাণীৰে গঠিত সৰু দলত বাস কৰে৷

স্থিতি তথা সংৰক্ষণ

টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচী (Schedule I) ৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে৷ এই প্ৰাণীবিধ মূলত: ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ ইত্যাদি কাৰণত সংকটৰ মুখামুখি হৈছে[5]

তথ্যসুত্ৰ

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 177. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100737.
  2. Das, J., Molur, S. & Bleisch, W. (2008). Trachypithecus pileatus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 2008-12-15.
  3. Choudhury, A. 1989. Ecology of the capped langur (Presbytis pileatus) in Assam, India. Folia Primatol. 52: 88–92.
  4. Solanki GS, Kumar A, Sharma BK (2008). "Winter food selection and diet composition of capped langur (Trachypithecus pileatus) in Arunachal Pradesh, India". Tropical Ecology 49 (2): 157–166.
  5. Srivastava, A. and M. S. Mohnot. 2001. Distribution, conservation status and priorities for primates in northeast India. Envis Bulletin: Wildlife and Protected Areas 1(1): 102–108.

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages

টুপীমূৰীয়া বান্দৰ: Brief Summary ( асамски )

добавил wikipedia emerging languages

টুপীমূৰীয়া বান্দৰ(ইংৰাজী: Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি৷ এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰ তো পোৱা যায়৷ টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্হল চিৰসেউজীয়া বনাঞ্চলl

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages