dcsimg

গলমণিকা নাচনী ( Assamese )

provided by wikipedia emerging languages

গলমণিকা নাচনী (ইংৰাজী: Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva)এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই৷

বিৱৰণ

প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়৷ ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া৷ তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়৷ এই চৰাইবিধৰ ঠোঁট ক'লা আৰু জোঙা হয়৷

অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে৷

বিতৰণ

এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে৷

 src=
Red Breasted Flycatcher, wintering in Nagpur

বাসস্থান

গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়৷ [2]

আচৰণ

খাদ্য

ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷

প্ৰজনন

এই চৰাইবিধে সাধাৰণতে গছৰ খোৰোঙত বাহ সাজে৷ এবাৰত ৪-৭ টাকৈ কণী পাৰে৷

তথ্যসুত্ৰ

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

গলমণিকা নাচনী: Brief Summary ( Assamese )

provided by wikipedia emerging languages

গলমণিকা নাচনী (ইংৰাজী: Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva)এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors