dcsimg

ঘনচিৰিকা ( Assamese )

provided by wikipedia emerging languages

ঘৰ চিৰিকা বা ঘনচিৰিকা (ইংৰাজী: House Sparrow, বৈজ্ঞানিক নাম: Passer domesticus) Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই৷ এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত৷ ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়৷ ঘৰচিৰিকাই মূলত: গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে৷ ঘৰচীয়া মেকুৰী, ফেঁচা আদি ইহঁতৰ প্ৰধান ভক্ষক (predator)৷

বিৱৰণ

ঘৰচিৰিকা এবিধ সৰু আকাৰৰ চৰাই,[3] সাধাৰণতে ইয়াৰ দেহৰ দৈৰ্ঘ্য ১৬ ছে: মি: হয়৷[4] ইয়াৰ মূৰটো ঘুৰণীয়া, ঠোঁট শকত আৰু নেজডাল চুটি,প্ৰায় ৫.২-৬.৫ ছে:মি: দৈৰ্ঘ্যৰ৷ [3][5] ঘৰচিৰিকাৰ দেহৰ ওজন প্ৰায় ২৪-৩৯.৫ গ্ৰাম৷ মাইকী ঘৰচিৰিকাৰ দেহৰ ওজন মতাৰ তুলনাত কম হয়৷ [6] [6][7][8] ঘৰচিৰিকাৰ দেহৰ বৰণ ঠাইভেদে মুগাৰ পৰা মটিয়াধৰণৰ হোৱা দেখা যায়৷ মতা আৰু মাইকী চৰাইৰ বৰণ ভিন্ন৷ মাইকী ঘৰচিৰিকা সাধাৰণতে পাতলীয়া বৰণৰ-মতাৰ দেহৰ ৰং গাঢ় আৰু পৃষ্ঠ অংশ ৰঙচুৱা৷[7] মতা ঘনচিৰিকাৰ ঠোঁটৰ পৰা পিঠিলৈকে গাঢ় ধোৱা বৰণৰ আৰু মূৰৰ দুইকাষে ৰঙচুৱা মটিয়া বৰণৰ হয়৷ [9]

টেক্স’নমি

ঘৰচিৰিকাৰ গোত্ৰ Passer আৰু এই গোত্ৰ ২৫ বিধ প্ৰজাতিৰ সমষ্টি৷[10] এই প্ৰজাতিসমূহৰ বহুতো উপ-প্ৰজাতি পোৱা যায়৷ তাৰে উল্লেখযোগ্য বাৰ বিধ উপ-প্ৰজাতিৰ চমূ বৰ্ণনা তলত দিয়া হ’ল-

বিভাগ-domesticus
  • P. d. domesticus-ইউৰোপ আৰু উত্তৰ এছিয়া[11]
  • P. d. balearoibericus – দক্ষিণ ফ্ৰান্স আৰু বেলেৰিক দ্বীপ-পূঞ্জ (Balearic Islands)[10]
  • P. d. tingitanus (Loche, 1867)-লিবিয়া, মৰ'ক্কো আৰু আলজেৰিয়া (Algeria) [12]
  • P. d. niloticus Nicoll and Bonhote, 1909- ইজিপ্ট আৰু [12][13]
  • P. d. persicus Zarudny and Kudashev, 1916- ইৰাণ আৰু আফগানিস্তান[12][14]
  • P. d. biblicus Hartert, 1910-পেলেষ্টাইন, তুৰ্কী, কুৱেইট[10]
বিভাগ- indicus
  • P. d. hyrcanus Zarudny and Kudashev, 1916- ইৰাণ>
  • P. d. bactrianus Zarudny and Kudashev, 1916-কাজাখস্তান, ইৰান আৰু আফগানিস্তান
  • P. d. parkini Whistler, 1920- কাশ্মীৰ, ভাৰত আৰু নেপাল
  • P. d. indicus Jardine and Selby, 1831- ভাৰত, শ্ৰীলংকা আৰু উত্তৰ ইৰাণ[10]
  • P. d. hufufae Ticehurst and Cheeseman, 1924- চৌদি আৰবীয়া [15]
  • P. d. rufidorsalis C. L. Brehm, 1855- চুডান [13] [10]

বিতৰণ

ঘৰচিৰিকাৰ উৎপত্তি হৈছিল মিডল ইষ্ট ত আৰু তাৰ পৰাই সমগ্ৰ বিশ্বত ই বিয়পি পৰে৷[16] নতুন নতুন ঠাইত এই চৰাইবিধ সংযোজন কৰি (introduction) মানুহেও ঘনচিৰিকাৰ বিস্তাৰত গুৰুত্বপূৰ্ণ অংশ লৈছে৷ এনে নতুনকৈ ঘনচিৰিকা সংযোজিত কৰা স্থানবোৰ হৈছে আমেৰিকা, পশ্চিম আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু বিশ্বৰ বিভিনন্ন দ্বীপ সমূহ৷[17]

বসতিস্থল

ঘনচিৰিকা চৰাই মানুহৰ সৈতে বসবাস কৰাত অভ্যস্ত এবিধ প্ৰজাতি৷[18][19]

আচৰণ

 src=
ঘৰচিৰিকাই প্ৰায়ে পানীত (বাওঁফালৰ চিত্ৰ) বা ধুলিত (সোঁফালৰ চিত্ৰ) গা ধুৱে

ঘৰচিৰিকাই জাক পাতি থাকি ভাল পায়৷ [20] ইহঁতে পানী বা ধুলিত জাক পাতি গা ধোৱে আৰু সমজুৱাকৈ গান গায় (social singing)৷[21][22] খোৱাৰ সময়ত আৰু বাঁহত সাধাৰণতে মাইকী ঘৰচিৰিকাৰ আধিপত্য বেছি থাকে৷[23][24]

ঘৰচিৰিকাৰ মাত সাধাৰণতে চুটি আৰু নোৰোৱাকৈ মতা চি-ৰ-ৰ-প (chirrup), চি-ল-প(tschilp), বা ফি-লি-ল-প (Philip) ধৰণৰ হয়৷ জাকত থকা বা বাঁহ সাজি থকা চৰায়ে ইটোৱে সিটোৰ সতে যোগাযোগ কৰিবলৈ, মতা ঘৰচিৰিকাই বিশেষ স্থানত নিজৰ আধিপত্য প্ৰকাশ কৰিবলৈ আৰু মাইকী ঘৰচিৰিকাক আকৰ্ষিত কৰিবলৈ মাতে৷ প্ৰজননৰ সময়ত ইয়াৰ তীব্ৰতা বৃদ্ধি পায়৷[25][26] [27] পূৰ্ণবয়স্ক ঘৰচিৰিকাই সাধাৰণতে বিভিন্ন গুটি খায়৷[28] নগৰ অঞ্চলত খাদ্যৰ বাবে মানুহৰ ওপৰত ইঁহত নিৰ্ভৰশীল হৈ পৰে৷[29][30] তাৰোপৰি ইহঁতে বিভিন্ন পোক-পতংগ, কেঁচু, ভেকুলী বা জেঠী আদিও খায়[28] পোৱালি চৰাইক জন্মৰ পোন্ধৰ দিনলৈকে খুউৱা হয়[31]

জাৰ্মানীত মাইকী ঘৰচিৰিকা চৰি থকা অৱস্থাত
চানফ্ৰান্সিছকোত এটা মতা ঘৰচিৰিকা চৰায়ে মাতি থকা অৱস্থাত

ঘৰচিৰিকা একগামী, অৰ্থাৎ এহাল চৰায়ে আজীৱন যোৰ পাতি বাস কৰে৷[32] ইহঁতে বিভিন্ন ঠাইত বাঁহ সাজে, যেনে-গছৰ খোৰোং, ঘৰৰ বিভিন্ন সুৰুঙা আদিত৷ সাধাৰণতে এবাৰত চাৰিৰ পৰা পাচোঁটাকৈ কণী পাৰে৷ বছৰত ইহঁতে চাৰিৰ পৰা সাতবাৰ পৰ্য্যন্ত কণী পাৰিব পাৰে৷ কণীবোৰ দেখাত বগা বা নীল-বগা বা সেউজ-বগা ধৰণৰ হয়- তাত মুগা বা মটিয়া দাগ থাকে৷ [33] [7]এটা কণীৰ দৈৰ্ঘ্য ২০-২২ মি:মি: আৰু প্ৰস্থ ১৪-১৬ মি:মি:আৰু ওজন ২.৯ গ্ৰাম হোৱা দেখা যায়৷ [34]

ঘৰচিৰিকাৰ পোৱালি সাধাৰণতে ১১-২৩ দিনলৈকে বাহত থাকে৷[35] এই সময়ত পিতৃ-মাতৃয়ে দুয়ো মিলি পোৱালিক খাদ্য খুৱায়৷ জন্মৰ চাৰি দিনৰ পিছত পোৱালিয়ে চকু মেলে আৰু আঠ দিনৰ পিছত প্ৰথম পাখি গজে৷ [33][35]

ঘৰচিৰিকাৰ মুখ্য ভক্ষক হৈছে মেকুৰী, মাংসভোজী চৰাই আৰু কেৰ্কেটুৱা৷

স্থিতি তথা সংৰক্ষণ

ঘৰচিৰিকাৰ বহুল বিস্তৃতি তথা জনসংখ্যাৰ বাবে ইয়াক আই. ইউ. চি. এন ৰেড লিষ্টত Least Concern হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে৷ [1] অৱশ্যে শেহতীয়া তথ্য অনুসৰি ঘনচিৰিকাৰ জনসংখ্যা বিশ্বৰ বিভিন্ন অঞ্চলত দ্ৰুতগতিত হ্ৰাস পাইছে৷[36][37][38]

আলোকচিত্ৰ

তথ্যসুত্ৰ

  1. 1.0 1.1 BirdLife International (2012). "Passer domesticus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008367। আহৰণ কৰা হৈছে: 16 July 2012.
  2. Summers-Smith 1988, পৃষ্ঠা 307–313
  3. 3.0 3.1 "House Sparrow". All About Birds. Cornell Lab of Ornithology. Archived from the original on 8 December 2010. http://www.webcitation.org/5upHx7vY8.
  4. Summers-Smith 1988, পৃষ্ঠা 116–117
  5. Clement, Harris & Davis 1993, পৃষ্ঠা 443
  6. 6.0 6.1 Summers-Smith 1988, পৃষ্ঠা 118–121
  7. 7.0 7.1 7.2
  8. Felemban, Hassan M. (1997). "Morphological differences among populations of House Sparrows from different altitudes in Saudi Arabia" (PDF). The Wilson Bulletin খণ্ড 109 (3): 539–544. http://elibrary.unm.edu/sora/Wilson/v109n03/p0539-p0544.pdf.
  9. Clement, Harris & Davis 1993, পৃষ্ঠা 444
  10. 10.0 10.1 10.2 10.3 10.4 Summers-Smith, J. Denis (2009). "Family Passeridae (Old World Sparrows)". In del Hoyo, Josep; Elliott, Andrew; Christie, David. Handbook of the Birds of the World. Volume 14: Bush-shrikes to Old World Sparrows. প্ৰকাশক Barcelona: Lynx Edicions. ISBN 978-84-96553-50-7.
  11. Summers-Smith 1988, পৃষ্ঠা 121–122
  12. 12.0 12.1 12.2 Summers-Smith 1988, পৃষ্ঠা 126–128
  13. 13.0 13.1 Mackworth-Praed & Grant 1955, পৃষ্ঠা 870–871
  14. Cramp & Perrins 1994, পৃষ্ঠা 289
  15. Vaurie, Charles (1956). "Systematic notes on Palearctic birds. No. 24, Ploceidae, the genera Passer, Petronia, and Montifringilla". American Museum Novitates (1814). সাঁচ:Hdl.
  16. Anderson 2006, পৃষ্ঠা 5, 9–12
  17. Hobbs, J. N. (1955). "House Sparrow breeding away from Man" (PDF). The Emu খণ্ড 55 (4): 202. http://www.publish.csiro.au/?act=view_file&file_id=MU955302.pdf.
  18. Wodzicki, Kazimierz (May 1956). "Breeding of the House Sparrow away from Man in New Zealand" (PDF). Emu খণ্ড 54: 146–147. http://www.publish.csiro.au/?act=view_file&file_id=MU956143.pdf.
  19. Anderson 2006, পৃষ্ঠা 247
  20. Summers-Smith 1988, পৃষ্ঠা 139–142
  21. McGillivray, W. Bruce (1980). "Communal Nesting in the House Sparrow" (PDF). Journal of Field Ornithology খণ্ড 51 (4): 371–372. http://elibrary.unm.edu/sora/JFO/v051n04/p0371-p0372.pdf.
  22. Johnston, Richard F. (1969). "Aggressive Foraging Behavior in House Sparrows". The Auk খণ্ড 86 (3): 558–559. http://elibrary.unm.edu/sora/Auk/v086n03/p0558-p0559.pdf.
  23. Kalinoski, Ronald (1975). "Intra- and Interspecific Aggression in House Finches and House Sparrows" (PDF). The Condor খণ্ড 77 (4): 375–384. doi:10.2307/1366086. http://elibrary.unm.edu/sora/Condor/files/issues/v077n04/p0375-p0384.pdf.
  24. Summers-Smith 1963, পৃষ্ঠা 26–30
  25. Cramp & Perrins 1994, পৃষ্ঠা 291
  26. Summers-Smith 1963, পৃষ্ঠা 101
  27. 28.0 28.1
  28. Summers-Smith 1988, পৃষ্ঠা 159–161
  29. Gavett, Ann P.; Wakeley, James S. (1986). "Diets of House Sparrows in Urban and Rural Habitats". The Wilson Bulletin খণ্ড 98. http://elibrary.unm.edu/sora/Wilson/v098n01/p0137-p0144.pdf.
  30. Vincent 2005, পৃষ্ঠা 2–3
  31. Anderson 2006, পৃষ্ঠা 141–142
  32. 33.0 33.1 Lowther, Peter E.; Cink, Calvin L. (2006). "House Sparrow (Passer domesticus)". In Poole, A.. The Birds of North America Online. http://bna.birds.cornell.edu/bna/species/012। আহৰণ কৰা হৈছে: 21 April 2010.
  33. "BTO Bird facts: House Sparrow". British Trust for Ornithology. http://blx1.bto.org/birdfacts/results/bob15910.htm। আহৰণ কৰা হৈছে: 24 November 2009.
  34. 35.0 35.1 Glutz von Blotzheim & Bauer 1997, পৃষ্ঠা 60ff
  35. "Even sparrows don't want to live in cities anymore". Times of India. 13 June 2005. Archived from the original on 9 August 2011. http://www.webcitation.org/60oQlp6vN.
  36. Daniels, R. J. Ranjit (2008). "Can we save the sparrow?" (PDF). Current Science খণ্ড 95 (11): 1527–1528. Archived from the original on 24 September 2011. http://www.webcitation.org/61wuwOX3E.
  37. De Laet, J.; Summers-Smith, J. D. (2007). "The status of the urban house sparrow Passer domesticus in north-western Europe: a review". Journal of Ornithology খণ্ড 148 (Supplement 2): 275–278. doi:10.1007/s10336-007-0154-0.

অন্যান্য উৎস

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

ঘনচিৰিকা: Brief Summary ( Assamese )

provided by wikipedia emerging languages

ঘৰ চিৰিকা বা ঘনচিৰিকা (ইংৰাজী: House Sparrow, বৈজ্ঞানিক নাম: Passer domesticus) Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই৷ এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত৷ ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়৷ ঘৰচিৰিকাই মূলত: গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে৷ ঘৰচীয়া মেকুৰী, ফেঁচা আদি ইহঁতৰ প্ৰধান ভক্ষক (predator)৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors